অৰুণোদয় হিতাধিকাৰীলৈ দুৰ্গাপূজাৰ উপহাৰ, অক্টোবৰত পাব ১,৫০০ টকা

 

অৰুণোদয় হিতাধিকাৰীলৈ দুৰ্গাপূজাৰ উপহাৰ, অক্টোবৰত পাব ১,৫০০ টকা

গুৱাহাটী: দুৰ্গাপূজাৰ পূৰ্বে অসমৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে আহিছে সুখবৰ। অক্টোবৰৰ মাহত অৰুণোদয় আঁচনিৰ অধীনত হিতাধিকাৰীসকলে নিয়মীয়া ধনৰ পৰিৱৰ্তে ১,৫০০ টকাকৈ লাভ কৰিব।


মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত অসম কেবিনেটৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। সাধাৰণতে অৰুণোদয় আঁচনিৰ অধীনত মাহিলী ১,২৫০ টকাৰ সহায় আগবঢ়োৱা হয়। কিন্তু দুৰ্গাপূজাৰ উপলক্ষে অক্টোবৰৰ মাহৰ বাবে এই ধনৰ পৰিমাণ ১,৫০০ টকালৈ বৃদ্ধি কৰা হৈছে।

কেবিনেটৰ এই সিদ্ধান্তক দুৰ্গাপূজাৰ সময়ত হিতাধিকাৰীসকলৰ বাবে বিশেষ আৰ্থিক সহায় হিচাপে ঘোষণা কৰা হৈছে। ৰাজ্যখনৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে এই অতিৰিক্ত সুবিধা লাভ কৰিব।

উল্লেখ্য যে ২০২৬-২৭ বিত্তীয় বৰ্ষত অৰুণোদয় ৩.০ৰ অধীনত ৩৭ লাখৰো অধিক মহিলা হিতাধিকাৰীক মাহিলী ১,২৫০ টকাৰ আৰ্থিক সহায় প্ৰদান কৰা হৈছে।

দুৰ্গাপূজাৰ পূৰ্বে কেবিনেটৰ এই সিদ্ধান্তই অৰুণোদয় হিতাধিকাৰীসকলৰ মাজত বিশেষ উৎসাহ সৃষ্টি কৰিছে।

অৰুণোদয় আঁচনিৰ অক্টোবৰৰ ধন: ₹১,৫০০
নিয়মীয়া ধন: ₹১,২৫০
দুৰ্গাপূজাৰ উপলক্ষে অতিৰিক্ত সুবিধা: ₹২৫০

Next Post Previous Post
No Comment
Add Comment
comment url